সমললৈ যাওক

১১ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

১১ এপ্ৰিল (ইংৰাজী: 11 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০১তম (অধিবৰ্ষত ১০২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৪টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে।
  • ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।
  • ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়।
  • ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।
  • ১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৮২৫ - ফাৰ্ডিনাণ্ড লাচালে, জাৰ্মানীৰ বিচাৰক তথা দাৰ্শনিক।
  • ১৮৬৯ - কস্তুৰবা গান্ধী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী। (মৃত্যু: ২২ ফেব্ৰুৱাৰী, ১৯৪৪)
  • ১৮৮৭ - যামিনী ৰয়, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৮৮৯ - হৰিপ্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক আছিল। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
  • ১৯০৪ - কুন্দনলাল সেয়গল, ভাৰতীয় সঙ্গীত শিল্পী আৰু অভিনেতা। (মৃত্যু: ১৮ জানুৱাৰী,১৯৪৭)
  • ১৯৫৩ - এণ্ড্ৰিউ ৱাইলছ, ইংৰাজী গণিতজ্ঞ।
  • ১৯৫৫ - ৰোহিনী হট্টংগড়ী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৪ - শিল্পা ৰাও, ভাৰতীয় গায়িকা।
  • ১৯৯১ - পুনম পাণ্ডে, ভাৰতীয় মডেল তথা অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

  • ২০০১ - কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।

দিৱস[সম্পাদনা কৰক]

  • জাতীয় নিৰাপদ মাতৃত্ব দিৱস, ভাৰত

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]