সমললৈ যাওক

ঠাকুৰ অনুকূলচন্দ্ৰ

ৱিকিউদ্ধৃতিৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
ডেকা কালৰ অনুকূল চন্দ্ৰ

শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৬ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক। মূলতঃ স্বাবলম্বন তথা পৰনিৰ্ভৰশীলতা ত্যাগৰ দীক্ষাই অনুকূলচন্দ্ৰৰ সৎসঙ্গ আশ্ৰমৰ আদৰ্শ।

উদ্ধৃতি

  1. জগতত মানুহে যিমান দুখ পায় তাৰ অধিকাংশই কামিনী-কাঞ্চনত আসক্তিৰ পৰা আহে, সেই দুটাৰ পৰা যিমানে আঁতৰি থকা যায় সিমানেই মঙ্গল।[১]
  2. আগুৱাই যোৱা, কিন্তু জুখি চাবলৈ নাযাবা কিমান দূৰ আগুৱালা; তেনেহ’লে আকৌ পিছুৱাই পৰিবা।[১]
  3. প্ৰেম ভক্তিৰেই ক্ৰমোন্নতি। ভক্তিৰ গাঢ়ত্বই প্ৰেম। অহঙ্কাৰ য’ত যিমান পাতল, ভক্তিৰ স্থান তাত সিমান বেছি।[১]
  4. যি সাধনা কৰিলে হৃদয়ত প্ৰেম আহে, তাকেই কৰা, আৰু য'ত ক্ৰূৰতা, কঠোৰতা, হিংসা আহে, সেয়া আপাততঃ লাভজনক হ'লেও তাৰ ওচৰলৈ নাযাবা।[১]
  5. যিজন কোৱাত কম কামত বেছি, তেৱেঁই প্ৰথম শ্ৰেণীৰ কৰ্ম্মী; যিজনে যেনেকৈ কয় তেনেকৈ কৰে, তেওঁ মধ্যম শ্ৰেণীৰ কৰ্ম্মী; যিজনে কয় বেছি, কামত কম, তেওঁ তৃতীয় শ্ৰেণীৰ কৰ্ম্মী; আৰু যিজনৰ ক'বলৈও আলস্য, কৰিবলৈও আলস্য সেইজনেই অধম।[১]

উৎস

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ সত্যানুসৰণ, প্ৰথম সংস্কৰণ: ১৯৫১, সৎসঙ্গ পাবলিচিং হাউচ